মুখ্য পৃষ্ঠা
06/04/25
15:39
তুমি এটি কবিতা
তোমাৰ বাবেই জন্ম হয় মোৰ
অনুভৱত ,
এটি এটি প্ৰেমৰ অ-কবিতা !
এবাৰ অনুমতি দিয়া অভিমানী প্ৰিয়া ,
তোমাক ৰুপেৰে এটি কবিতা লিখা !
এই আশা মোৰ বহুদিনীয়া !
মোক ৰং তুলিকাৰে জীয়াব দিয়া ,
বিনিময় বিচাৰা যদি ,
ক্ষুদ্ৰ জীৱন মোৰ উপহাৰ
হিচাপে পাবা !
অ' মোৰ অভিমানী প্ৰাণৰ প্ৰতিমা ,
শব্দৰ অলংকাৰ পিন্ধাই ,
তোমাক এবাৰ চাবলৈ দিয়া !
দুখ বোৰ সেউজীয়া হোৱাৰ
প্ৰতিশ্ৰুতিৰে ,
সপোন বোৰ জীয়াই থকাৰ স্বাৰ্থতে !
এবাৰ অনুমতি দিয়া ,
দুৰে-দুৰে ৰৈ এটি মিছিকি হাঁহি মাৰা !
হাঁহিৰ গুঞ্জন মোক শুনিব দিয়া ,
বিহংগ জীৱন মোৰ সাৰ্থক কৰা !
© ৰাজু কলিতা
07/07/14